ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ। হাজাৰ হাজাৰ কৃষিভূমি জাহ গৈছে বানত। গৃহহাৰা হৈছে হাজাৰ হাজাৰ লোক।
বানৰ এনে সংহাৰী ৰূপৰ সময়তে দেওবাৰে পুনৰ ৬ জন লোকৰ বানৰ কবলত পৰি মৃত্যু ঘটাৰ তথ্য প্ৰকাশ পাইছে। যাৰ ফলত এতিয়া বানৰ ফলত নিহতৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে।
জানিব পৰা মতে, দেওবাৰে দুটি শিশুসহ ৬ জন লোকে প্ৰাণ হেৰুৱায় বানত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি নগাঁৱত ৪ জন কোবাল সোঁতত উটি যোৱাৰ ফলত প্ৰাণ হেৰুৱায়।
আনহাতে, হোজাই জিলাৰ ডবকাত এজন লোক আৰু কাছাৰ জিলাৰ শিলচৰত এটি শিশুৱেও বানৰ কবলত পৰি প্ৰাণ হেৰুৱায় বুলি জানিব পৰা গৈছে। ইফালে, অসমৰ ২৭খন জিলাৰ ৭ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈ আছে।
