আগন্তুক ৩ দিনলৈ অসম তথা উত্তৰ-পূবত হ’ব প্ৰবল বৃষ্টিপাত।
এই সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ১৫ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
বতৰৰ প্ৰতি লক্ষ্য ৰাখি ছিক্কিমত জাৰি কৰা হৈছে য়েল’ এলাৰ্ট।
আনহাতে অসমৰ লগতে উত্তৰ-পূবৰ অন্য ৰাজ্যত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।
উল্লখ্য যে, বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় প্ৰবল বৃষ্টিপাত।
ঠায়ে ঠায়ে শিলাবৃষ্টিও ঘটে আজিৰ দিনটোত।