ৰাজ্যত পুনৰ সংঘটিত গণ আক্ৰমণৰ ঘটনা। বৰপেটা আৰু কাছাৰ জিলাত সংঘটিত দুটা পৃথক গণ আক্ৰমণৰ ঘটনাই এতিয়া পুনৰ এবাৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বৰপেটা জিলাত ২০ জনীয়া এটা দলে এটা পৰিয়ালক আক্ৰমণ কৰাৰ ঘটনাত ৰফিকুল ইছলাম নামৰ এজন যুৱকৰ ঘটনাস্থলীতে মৃত্যু ঘটে। আনহাতে এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰফিকুলৰ পিতৃ-মাতৃ আৰু ভাতৃ। আহতসকলক ৰামেজুদ্দিন, মাজনী বেগম আৰু হাচানুৰ আহমেদ বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে আক্ৰমনকাৰীসকল তেওঁলোক একেখন গাওঁৰে। অৱশ্যে, আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ইফালে কাছাৰ জিলাৰ শিলচৰত আফজল হুছেইন মজুমদাৰ নামৰ এজন ব্যক্তিক ৫-৬ জনীয়া এটা দলে মৰিয়াই হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। ঘটনাটো উধৰবণ্ড বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্ৰেইন নগৰত সংঘটিত হয়।
মৃত আফজলৰ মাতৃ আফৰুজ বিবি মজুমদাৰে অভিযোগ কৰিছে যে তেওঁৰ পুত্ৰক কালী পূজা আগবঢ়োৱাৰ বাবে হত্যা কৰা হয়। তেওঁ লগতে অভিযোগ কৰিছিল যে দুৰ্বৃত্তই ভুক্তভোগীৰ পৰা ৮০,০০০ টকা লুটি লৈ যায়।
ভুক্তভোগীৰ মৃতদেহ জয়পুৰ আৰক্ষীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আফৰুজ বিবিয়ে ও ঘটনাটোত ছয়জন লোক জড়িত থকাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছে।
অভিযুক্তসকলক আলতা হুছেইন, ৰবিজুল লস্কৰ, তাজুদ্দিন, ফৌজুদ্দিন, মঞ্জুল হুছেইন আৰু নাদন মিয়া বুলি চিনাক্ত কৰা হৈছে। জয়পুৰ আৰক্ষীয়ে কয় যে অভিযুক্তসকল এতিয়া পলাতক।
