ৰাজ্যত পুনৰ ৯৮৬ জন কোভিড পজিটিভ, ১৫ জনৰ মৃত্যু

95

গুৱাহাটীঃ ৰাজ্যত ক্ৰমাগতভাৱে হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ। স্বাস্থ্য বিভাগে সদৰী কৰা তথ্যমতে, শনিবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৯৮৬ গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত কোভিডৰ ফলত প্ৰাণ হেৰুৱায় ১৫ গৰাকী ৰোগীয়ে।

ইফালে শনিবাৰে মুঠ আক্ৰান্তৰ ১৫৯ গৰাকী কামৰূপ মহানগৰত, ৬৯ গৰাকী বৰপেটাত, ৬৫ গৰাকী নলবাৰী আৰু ৫৪ গৰাকী গোলাঘাটত সৰ্বাধিক আক্ৰান্ত হয়। ৰাজ্যত বৰ্তমানলৈকে কোভিড আক্ৰান্তৰ মুঠ সংখ্যা ৫৭৩৫৩২ জনলৈ বৃদ্ধি পাইছে। ইফালে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈ উঠে ১০৫৭ গৰাকী লোক। বৰ্তমানেও অসমত ১০২৮৬ গৰাকী কোভিড ৰোগীৰ চিকিৎসা চলি আছে।