গুৱাহাটীঃ যোৱা ২৪ ঘন্টাত অসমত পুনৰ ৭০০জন লোক কোৰোনাত আক্ৰান্ত হয়। স্বাস্থ্য বিভাগৰ তথ্যনুসৰি অসমত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ৬৬৪৮ টা। ৰাজ্যত পজিটিভৰ হাৰ হৈছে ০.৭৪ শতাংশ।
ইফালে সোমবাৰে ৰাজ্যত মুঠ ৭০৫জনে কোভিডক পৰাভূত কৰি আৰোগ্য লাভ কৰে। এই সময়ছোৱাত ৰাজ্যত ১১ জনৰ কোভিডৰ ফলত মৃত্যু ঘটে। জিলানুসৰি বিগত ২৪ ঘণ্টাত হোৱা মৃত্যুবোৰ হৈছে গোলাঘাট (২), যোৰহাট (২), চিৰাং (১), ধেমাজি (১), কামৰূপ মেট্ৰ'(১), কামৰূপ গ্ৰাম্য (১), মাজুলী (১), তিনিচুকীয়া (১) আৰু ওদালগুৰি (১)।
আনহাতে সোমবাৰে ১৬৫ টা নতুন সংক্ৰমণৰ সৈতে কামৰূপ মহানগৰ জিলা কোভিড সংক্ৰমণৰ শীৰ্ষত আছে। তাৰ বিপৰীতে গোলাঘাটত ৪৭ জন, গুৱাহাটীত ৩৯ জন আৰু ডিব্ৰুগড়ত ৩৮ জন নতুনকৈ আক্ৰান্ত হয়।
ৰাজ্যখনত বৰ্তমানলৈকে প্ৰায় ২,১০,৪১,৭১ জনৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে। সোমবাৰে ৯৪,৬৩৬ জনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। ইফালে, এতিয়ালৈকে অসমত ১,৫৮,০৯,৭৮৭ জন লোকক টিকাকৰণ কৰা হৈছে। তাৰে ভিতৰত, ২৭,৯৫,৫০৬ জনে দুয়োটা পালি প্ৰাপ্ত কৰিছে।