ৰাজ্যত পুনৰ ৬৫৭৩জন কোভিড পজিটিভ, ৭৪ জনৰ মৃত্যু

76
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

অসমত অব্যাহত আছে কোভিডৰ ভয়াবহ সংক্ৰমণ। প্ৰতিদিনে সংক্ৰমণৰ হাৰ ৰাজ্যত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৬৫৭৩ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ৭৪ জন কোভিড ৰোগীৰ মৃত্যু ঘটিছে।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত কামৰূপ মেট্ৰ’ত ১০৮৪ জন, ডিব্ৰুগড়ত ৪৯০ জন, নগাঁৱত ৪৭৭ জন আৰু কামৰূপ গ্ৰাম্যত ৪৩২ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। ৰাজ্যত বৰ্তমানলৈকে কোৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা হৈছেগৈ ৩৫৩৫৭৪জন। বৃহস্পতিবাৰৰ দিনটোত ৩০৭১ জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫১৮১৮জন ৰোগী।