ৰাজ্যত পুনৰ ৬১৪৩জন কোৰোনাত আক্ৰান্ত, ৮৯ জনৰ মৃত্যু

68
প্ৰতীকাত্মক ফটো

ৰাজ্যত হ্ৰাস পোৱা নাই কোৰোনা সংক্ৰমণৰ হাৰ। বুধবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৬১৪৩জনৰ দেহত এই মহামাৰীৰ সংক্ৰমণ ধৰা পৰে। স্বাস্থ্য বিভাগে সদৰী কৰা মতে, সংক্ৰমিত সকলৰ ৯১৩জন কামৰূপ মেট্ৰ’ৰ, ৪৪৮জন নগাঁৱৰ, ৪৩৮জন কাচাৰৰ আৰু ৩৯৭জন ডিব্ৰুগড়ত ধৰা পৰিছে।

ইফালে এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৪৭০০১জনলৈ পাইছে বৃদ্ধি। বুধবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৪০৫৭জন লোক। একে সময়ত ৰাজ্যখনত পুনৰ ৮৯জন লোকে এই মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে। এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৮৩৯০জন ৰোগী।