ৰাজ্যত পুনৰ ৬সহস্ৰাধিক কোভিড পজিটিভ, ১৫ জনৰ মৃত্যু

82

ৰাজ্যত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড সংক্ৰমণ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত অসমত পুনৰ ৬৮৯৭ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। ইফালে এই সময়ছোৱাত কোভিডৰ ফলত মৃতু ঘটে ১৫ জন লোকৰ।

স্বাস্থ্য বিভাগে সদৰী কৰা মতে, যোৱা ২৪ ঘণ্টাত কোৰোনাত সৰ্বাধিক ১৫৬১ জন লোক আক্ৰান্ত হয় কামৰূপ মহানগৰত। আনহাতে বিগত এটা দিনত মুঠ কোভিড টেষ্ট কৰা হৈছিল ৫৬,৮৪৯ জনৰ।

ৰাজ্যত বৰ্তমান কোভডিৰ পজিটিভিটি হাৰ হৈছে ১২.১৩ শতাংশ।