ৰাজ্যত পুনৰ ৫৯১ জন লোক আক্ৰান্ত হৈছে কোৰোনাত। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰৰ দিনটোত কেৱল কামৰূপ মহানগৰ জিলাতে কোভিডত আক্ৰান্ত হয় ২৭৯ জন।
স্বাস্থ্য বিভাগৰ মতে, ৩৪,৩১৪ টা পৰীক্ষাৰ ভিতৰত ৫৯১ জনৰ দেহত সংক্ৰমণ ধৰা পৰে। ৰাজ্যত ইতিবাচকতাৰ হাৰ ১.৭২ শতাংশ।
আনহাতে বুধবাৰে অসমত প্ৰথম দুটা অমিক্ৰন ৰোগী ধৰা পৰা বুলি স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই জানিবলৈ দিয়ে।
ইয়াৰে প্ৰথমটো কামৰূপ মেট্ৰ’ৰ সোনাপুৰত এজন ১৩ বছৰীয়া কিশোৰৰ দেহত ধৰা পৰাৰ বিপৰীতে দ্বিতীয়জন আক্ৰান্ত হয় হোজাই জিলাত।
