ৰাজ্যত পুনৰ ৫৮০৩ জন কোভিড পজিটিভ, ৭৭জনৰ মৃত্যু

66
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

ৰাজ্যত কোৰোনাৰ ভয়াবহ সংক্ৰমণ অব্যাহত আছে। সোমবাৰৰ দিনটোত অসমত পুনৰ ৫৮০৩ জন লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে ৭৭ জন কোভিড ৰোগীৰ মৃত্যু ঘটিছে। স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত কেৱল কামৰূপ মহানগৰতে ১৪৮১ জনৰ দেহত কোভিড পৰিটিভ ধৰা পৰিছে। ইয়াৰোপৰি ৪৮৬জন কামৰূপ গ্ৰাম্য, ৩৯২জন ডিব্ৰুগড় আৰু ২৭৫জন নগাঁৱত আক্ৰান্ত হৈছে কোৰোনাত। কামৰূপ মহানগৰত মৃত্যু ঘটা ৰোগীৰ সংখ্যা ৩০ জন।

আনহাতে, সোমবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৪২৩১জন লোক। উল্লেখ্য যে, বৰ্তমানো কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৭৫০০জন ৰোগী।