ৰাজ্যত পুনৰ ৪৩৪৮জন কোৰোনাত আক্ৰান্ত, ৬৫ জনৰ মৃত্যু

56
প্ৰতীকাত্মক ফটো

ৰাজ্যত অহা ৭ জুনৰ পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কোভিড পৰিস্থিতি এতিয়াও ৰাজ্যত ভয়াবহ হৈ আছে। প্ৰতিদিনে হাজাৰ হাজাৰ লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাবলগা হৈছে অৰ্ধ শতাধিক লোকে।

সোমবাৰৰ দিনটোত অসমত পুনৰ ৪৩৪৮জন লোক কোৰোনাত আক্ৰান্ত হৈছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৬৫জনকৈ ৰোগীৰ। স্বাস্থ্য বিভাগে সদৰী কৰা মতে, সোমবাৰৰ দিনটোত ৪৬৭জন কামৰূপ মেট্ৰত, ৪৪৫জন তিনিচুকীয়াত, ৩৮৪জন কামৰূপ গ্ৰাম্যত, ৩৩০জন নগাঁৱত আক্ৰান্ত হৈছে। ইয়াৰ পিছতে ৰাজ্যত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৪১১২১৬জনলৈ।

ইফালে, সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৫০৩৭জন লোক। ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫১৬৯৪জন ৰোগী।