ৰাজ্যত পুনৰ ৩৮০৪ জন কোৰোনাত আক্ৰান্ত, ৩৭ জনৰ মৃত্যু

82

ৰাজ্যত অব্যাহত আছে কোৰোনাৰ সংহাৰ। সোমবাৰৰ দিনটোত অসমত পুনৰ ৩৮০৪ জন লোক কোৰোনাত আক্ৰান্ত হয়। ইয়াৰ বিপৰীতে যোৱা দিনটোত ৰাজ্যত পুনৰ ৩৭ গৰাকী কোভিড ৰোগীয়ে প্ৰাণ হেৰুৱায়।

স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য অনুসৰি, সোমবাৰৰ দিনটোত কামৰূপ মহানগতৰত ৩১৮জন, তিনিচুকীয়াত ৩১৫জন, যোৰহাটত ৩১১জন আৰু ডিব্ৰুগড়ত ২৮১ জন লোক কোভিডত আক্ৰান্ত হয়। অসমত বৰ্তমানলৈকে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা ৪৩৮৭৪৬জনলৈ বৃদ্ধি পাইছে। ইফালে, সোমবাৰে ৰাজ্যখনত ৪৬১৩ জন ৰোগী কোভিডৰ পৰা সুস্থ হৈ উঠিছে।