ৰাজ্যত পুনৰ ২৬৪৪ জন কোভিড পজিটিভ, ২১ জনৰ মৃত্যু

64

ৰাজ্যত অব্যাহত আছে কোভিডৰ ভয়াবহতা। স্বাস্থ্য বিভাগে সদৰী কৰা তথ্যানুসৰি, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত পুনৰ ২৬৪৪ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত পুনৰ ২১ জন কোভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যত মুঠ ১,০৬,৭৬০ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হয়। অসমত বৰ্তমান কোভিড আক্ৰান্তৰ হাৰ ২.৪৮ শতাংশ হোৱাৰ বিপৰীতে সুস্থতাৰ হাৰ ৯৪.৭২ শতাংশলৈ বৃদ্ধি পাইছে।

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, বিগত ২৪ ঘণ্টাত লখিমপুৰত ২৮৫জন, গোলাঘাটত ২৮০জন, শোণিতপুৰত ১৭৩জন, কামৰূপ মহানগৰ জিলাত ১৬৮ জন সৰ্বাধিক কোৰোনাত আক্ৰান্ত হৈছে।