ৰাজ্যত পুনৰ ১৮৪৪জন কোৰোনাত আক্ৰান্ত, ১৪জনৰ মৃত্যু

67

ৰাজ্যত ভয়াবহ হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা। দেওবাৰৰ দিনটোত পুনৰ ১৮৪৪ জনৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ লগতে মৃত্যু ঘটে ১৪ জন ৰোগীৰ।

ইয়াৰ পিছতে ৰাজ্যত কোৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা ২৩৭৫৩৩জনলৈ বৃদ্ধি পাইছে। দেওবাৰে ৰাজ্যত সুস্থ হৈ উঠিছে ৫৫৮ জন। এতিয়ালৈকে ৰাজ্যত আৰোগ্য লোকৰ সংখ্যা ২১৯৫১৬ জনলৈ বৃদ্ধি পাইছে। এতিয়াও চিকিৎসাধীন হৈ আছে ১৫৪৭০জন ৰোগী।