ৰাজ্যত পুনৰ ১২৭৬জন কোভিড পজিটিভ, ২১জনৰ মৃত্যু

82

গুৱাহাটীঃ ৰাজ্যত কিছু হ্ৰাস পাইছে কোভিড সংক্ৰমণ। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত অসমত ১২৭৬ গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত ৰাজ্যত কোভিডৰ ফলত মৃত্যু ঘটিছে ২১ গৰাকী লোকৰ।

স্বাস্থ্য বিভাগৰ মতে, যোৱা ২৪ ঘণ্টাত কামৰূপ মহানগৰত ১৬১ জন, গোলাঘাটত ৯৮ জন, লখিমপুৰত ৯৫ জন আৰু নগাঁৱত ৬৬ জন সৰ্বাধিক কোৰোনাত আক্ৰান্ত হৈছে। ইফালে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈ উঠে ১৭৯১ জন কোভিড ৰোগী। বৰ্তমান চিকিৎসাধীন হৈ থকা কোভিড ৰোগীৰ সংখ্যা হৈছে ১৩১৫২ জন।