ৰাজ্যত পুনৰ ১,০১৯ জন কোভিড পজিটিভ, ১৯ জনৰ মৃত্যু

110

ৰাজ্যত কিছু হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ। কিন্তু মৃত্যুৰ সংখ্যাই এতিয়াও বৃদ্ধি কৰি ৰাখিছে উদ্বেগ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ১,০১৯ জন লোক কোৰোনাত আক্ৰান্ত হয়। যাৰ ফলত মুঠ সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈ পৰিছে ১৩,৭৮৬ জন। ইতিবাচকতাৰ হাৰ হৈছে ৩.০৪ শতাংশ।

ৰাজ্যিক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা এটা দিনত ২৩৯২ জন কোভিড ৰোগী সুস্থ হৈ উঠে। আনহাতে এই সময়ছোৱাত মৃত্যু ঘটে ১৯ জনৰ।

যোৱা ২৪ ঘণ্টাত কৰা ৩৩,৪৮৯ টা পৰীক্ষাৰ ভিতৰত নতুন ঘটনাবোৰ ধৰা পৰে। সৰ্বাধিক ঘটনা ধৰা পৰে কামৰূপ মেট্ৰ’ (২৩৮), লখিমপুৰ (৬০), কামৰূপ গ্ৰাম্য (৫৭), আৰু বৰপেটা (৪৬)ত।

ইফালে কোভিডৰ ফলত যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটে কাছাৰ (২), দৰং (২), ধেমাজি (২), কোকৰাঝাৰ (২), নলবাৰী (২), বৰপেটা (২), বিশ্বনাথ (১), যোৰহাট (১), কামৰূপ মেট্ৰ'(১), কামৰূপ গ্ৰাম্য (১), মৰিগাঁও (১), আৰু শিৱসাগৰত।