ষ্টাফৰিপৰ্টাৰ, ১৬ জুন:ৰাজ্যত পুনৰ লকডাউন বৃদ্ধিৰ সম্ভাৱনা আছে। ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই ইয়াৰ ইংগিত দিছে।যিকোনো সময়তে ঘোষণা কৰিব পাৰে লকডাউন। কিন্তু এইবাৰ ৰাজ্যত ঘোষণা কৰা হ’ব জিলাভিত্তিক লকডাউন। মঙলবাৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই এই কথা জানিবলৈ দিছে।মন্ত্ৰী গৰাকীয়ে কয় ,”অধিকাংশ লোকেই মানি চলা নাই সামাজিক ব্যৱধান আৰু নীতি -নিয়ম।যাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে চৰকাৰ।একাংশ লোকৰ বাবেই পুনৰ আৰম্ভ হৈছে কৰ’নাৰ সংক্ৰমন।ৰাইজে নীতি-নিয়ম নামানিলে যদি ক’ভিড সংক্ৰমণ বৃদ্ধি পাই গৈ থাকে তেতিয়া লকডাউন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।”