ৰাজ্যত পুনৰ বানৰ সংহাৰ! ৩৫ হাজাৰৰো অধিক লোক বানৰ কবলত

148

ৰাজ্যত পুনৰ জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দি থকা ধাৰাসাৰ বৰষুণৰ পিছতে বছৰৰ তৃতীয় বানত বুৰ যায় বহু অঞ্চল। জানিব পৰা মতে, শেহতীয়া বানত ৪ খন জিলাৰ ৩৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ ৮ খন উপনৈৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱাত নৈপৰীয়া অঞ্চলসমূহলৈ পুনৰ বিভীষিকা নমাই আনিছে।

আগন্তুক ২৪ ঘণ্টাত পুঠিমাৰী, পাগলাদিয়া, বেকী নদীসমূহৰো জলস্তৰ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

আয়োগৰ তথ্য অনুসৰি নামনি অসমৰ পাগলাদিয়া আৰু বেকী নৈসমূহ বিপদ স্তৰৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে সোমবাৰে সন্ধিয়া নিমতীঘাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰ সতৰ্কবাণী স্তৰৰ ওপৰেৰে বৈ আছিল।

আই এম ডিয়ে শুকুৰবাৰলৈকে সমগ্ৰ উত্তৰ-পূবৰ বেছিভাগ ঠাইতে বজ্ৰপাতৰ লগতে ধাৰাসৰ বৰষুণৰ পৰা মধ্যমীয়া বৰষুণৰ আগজাননী প্ৰকাশ কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিন অনুসৰি বজালী, চিৰাং, দৰং, ধেমাজি, যোৰহাট, লখিমপুৰ, নলবাৰী, তামুলপুৰ আৰু ওদালগুৰি জিলাসমূহ বানপানীত ক্ষতিগ্ৰস্ত হৈছে।