ৰাজ্যত পুনৰ উৎকোচ লৈ হাত দাঙিলে এগৰাকী চৰকাৰী খকুৱা বিষয়াই । এইবাৰ হাত দাঙিলে বিলাসীপাৰাৰ সাপটগ্ৰাম বন কাঠাগাৰ বিষয়া বাবলু দে |
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল সাপটগ্ৰামৰ বন কাঠাগাৰৰ বিষয়া জনে ।
অবৈধ শিল বালি খনন কৰা চিণ্ডিকেট চক্ৰ এটাৰ পৰা উৎকোচ লৈ হাতে লোটে আটক হল দুৰ্নীতি গ্ৰস্ত বন বিষয়া জনে ।
চিণ্ডিকেট চক্ৰটোৰ পৰা ৩০ হেজাৰ টকা উৎকোচ লৈ হাতে লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বন বিষয়া বাবলু দে’ই ।
কাৰ্যালয়টোত যোগদান কৰাৰ দিনৰে পৰা বন বিষয়া জনে উৎকোচৰ বজাৰ খুলি অাহিছিল বুলি অভিযোগ উঠিছে ।
পিছত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলটোই খকুৱা বন বিষয়া জনক আটক কৰি গুৱাহাটীলৈ লৈ যায় ।
এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
