ৰাজ্যত নিৰ্মাণ কৰা হ’ব ২০০ নতুন চিনেমা হলঃ সীমান্ত শেখৰ

371

ৰাজ্যত নতুনকৈ স্থাপন হ’ব ২০০ চিনেমা হল।

এই কথা সদৰি কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়নৰ অধ্যক্ষ সীমান্ত শেখৰে।

অসম ৰাজ্যিক চলচিত্ৰ বিত্ত উন্নয়নৰ উদ্যোগত অনুষ্ঠিত হ’ব বিশেষ চলচ্চিত্ৰ কৰ্মশালা।

কাহিনী, সংলাপ, পৰিচালনা আৰু প্ৰযোজনাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব এই কৰ্মশালাত।

খানাপাৰাৰ ষ্টাফ কলেজত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত উপস্থিত থকা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়নৰ অধ্যক্ষ সীমান্ত শেখৰে ৰাজ্যত নতুনকৈ ২০০ চিনেমা হল হোৱাৰ কথা প্ৰকাশ কৰে।

ইতিমধ্যে এই সন্দৰ্ভত বিজ্ঞাপন দিয়া হৈছে বুলিও মন্তব্য কৰে সীমান্ত শেখৰে।

চলচ্চিত্ৰ কৰ্মশালাত সীমান্ত শেখৰৰ লগতে বিভাগীয় মন্ত্ৰী বিমল বৰা, ললিত পণ্ডিত, অমৃত প্ৰীতম উপস্থিত থাকে।