ৰাজ্যত নতুন SOP জাৰি, জানক সবিশেষ

98

ৰাজ্যত শেহতীয়াকৈ ক’ভিড পৰিস্থিতি যথেষ্ট উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি নতুন ক’ভিড সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি)ৰ নিয়মাৱলী জাৰি কৰিছে।

এই নতুন এছঅ’পি ১০ আগষ্টৰ পুৱা ৫.০০ বজাৰ পৰা প্ৰযোজ্য হ’ব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁও জিলা চিকিৎসালয়ত আজি আয়োজিত এক সংবাদ মেলত এই নতুন এছঅ’পি ঘোষণা কৰে।

এছঅ’পিত উল্লেখ থকা মতে, ৰাজ্যত দিনৰ ভাগত সান্ধ্য আইন শিথিল কৰা হৈছে, নিশাৰ ভাগতহে আংশিক সান্ধ্য বাহাল থাকিব। সন্ধিয়া ৬.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সকলো জিলাতে সান্ধ্য আইন জাৰী থাকিব।

সকলো জিলাতে সন্ধিয়া ৫.০০ বজালৈ খোলা থাকিব কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি।

উল্লেখ্য যে, আন্তঃজিলা যাত্ৰী পৰিবাহী যাতায়তৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই নিষেধাজ্ঞা বাহাল থাকিব।