ৰাজ্যত নতুন SOP; ক’ত, কি সালসলনি

77

গুৱাহাটীঃ ৰাজ্যত ঘোষণা কৰা হ’ল নতুন SOP। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন SOPত কিছু সালসলনি কৰা হ’লেও গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পূৰ্বৰ দৰেই সম্পূৰ্ণ লকডাউন অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

ইফালে কোভিড পৰিস্থিতি কিছু উন্নত হোৱালৈ চাই মৰিগাঁও আৰু গোৱালপাৰা জিলাত সান্ধ্য আইন কিছু শিথিল কৰা হৈছে। এই জিলা দুখনত দিনৰ ১২ বজালৈ দোকান পোহাৰসমূহ খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে।

আনহাতে বাকী ২৭ খন জিলাত পূৰ্বৰ দৰেই সন্ধিয়া ৫ বজাৰ পৰা সান্ধ্য আইন জাৰি হৈ থাকিব বুলি সংবাদ মেলত জনায় স্বাস্থ্যমন্ত্ৰীয়ে। কামৰূপ মহানগৰতো দিনৰ ৪ বজালৈকে দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

নতুন এছঅ’পি অনুসৰি, পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়ত। এই নিয়মসমূহ অহা ২০ জুলাইৰ পুৱা ৫ বজাৰ পৰা এসপ্তাহৰ বাবে বাহাল থাকিব। উল্লেখ্য যে, ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদৰ নামাজ এইবাৰ মছজিদৰ পৰিৱৰ্তে ঘৰতে আদায় কৰিবলৈ আহ্বান জনাইছে চৰকাৰে।