ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

69

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ধুবুৰী জিলাৰ ধুবুৰী সদৰ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা আকবৰ আলী সৰকাৰ(৬০) আৰু বিলাসীপাৰা মহকুমাৰ ৰাণীগন্জ এলেকাৰ আফ্ৰিণ বেগম নামৰ দুবছৰীয়া শিশু এটি জাপানীজ এনকেফেলা ইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে।