ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক! তিনিচুকীয়াত কিশোৰীৰ মৃত্যু

175

সোমবাৰে নিশা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এগৰাকী ১৪ বছৰীয়া নাবালিকা কিশোৰীৰ মৃত্যু হয়। ইয়াৰ লগে লগে ৰাজ্যত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮জনলৈ বৃদ্ধি পাইছে।

মৃত কিশোৰীগৰাকী তিনিচুকীয়া জিলাৰ লাইকা পোমা গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শনিবাৰে জাপানীজ এনকেফেলাইটিছত বৰপেটা, দৰং আৰু চিৰাং জিলাত এজনকৈ লোকৰ মৃত্যু ঘটিছিল।

চলিত বৰ্ষৰ জুলাই মাহত মহজনিত ৰোগে ‘গুৰুতৰ ৰূপ’ লোৱাৰ পাছৰে পৰা ৰাজ্যত এতিয়া মুঠ জাপানীজ এনকেফেলাইটিছ আক্ৰান্তৰ সংখ্যা ২৯৫ জনলৈ বৃদ্ধি পাইছে।

বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যজুৰি জিলা প্ৰশাসনে ৰেপিড ৰেচপন্স দল গঠন কৰি এই মাৰাত্মক ৰোগৰ সংক্ৰমণ প্ৰতিহত আৰু নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে।

জাপানীজ এনকেফেলাইটিছ হৈছে প্ৰতি বছৰে মে’ৰ পৰা অক্টোবৰৰ ভিতৰত অসমত বাৰিষা বানপানীত মহৰ দ্বাৰা বিয়পি পৰা এটা ভাইৰাছজনিত মগজুৰ সংক্ৰমণ। এই সময়ছোৱাত ভাইৰাছ সংক্ৰমণ আৰু মেলেৰিয়াত বহু লোকৰ মৃত্যু হয়।