ষ্টাফৰিপোৰ্টাৰ, ১৯ মে’ : ৰাজ্যত নতুনকৈ ১৩ গৰাকী ব্যক্তি ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ এই আটাইকেইগৰাকী ব্যক্তি সৰুসজাইৰ পৃথকীকৰণ কেন্দ্ৰৰ ৷ ইয়াৰ ফলত ৰাজ্যত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৫৪ গৰাকী হ’লগৈ ৷
ৰাজ্যত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত
সদাশয় ৰাইজলৈ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া যোগে কাতৰ অনুৰোধ জনাই কয় “আপোনালোকে অনুগ্ৰহ কৰি ঘৰতে থাকক আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়মাৱলী মানি চলক ৷”