ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ দিনটোত ৰাজ্যত পুনৰ কোভিডত আক্ৰান্ত হয় ১,৪১৬ জন। ইয়াৰ পিছতে এতিয়া অসমত কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা ১,৮৩,৮১২ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা তথ্য অনুসৰি, ৰাজ্যত বৰ্তমানলৈকে ১,৪৭,৫১৬ জন কোৰোনা ৰোগী সুস্থ হৈ উঠিছে আৰু ৩৫,৫৬৯ জনৰ চিকিৎসা চলাই থকা হৈছে। আনহাতে বৰ্তমানলৈকে ৰাজ্যত ৭২১ জনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
