ৰাজ্যত কিছু হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ

70
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

অসমত কিছু পৰিমাণে হ্ৰাস পাইছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। দেওবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৩২৪৫ জন লোক এই মহামাৰীত আক্ৰান্ত হয়। এই সময়ছোৱাত পুনৰ ৫৫ জন ৰোগীয়ে কোভিডৰ ফলত প্ৰাণ হেৰুৱায়।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য মতে, দেওবাৰে ৪২২জন কামৰূপ মেট্ৰ’ত, ৩৭৭জন তিনিচুকীয়াত, ৩৫০জন ডিব্ৰুগড়ত আৰু ২৩৮জন কাছাৰত আক্ৰান্ত হয়। ৰাজ্যত বৰ্তমানলৈকে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৪০৬৮৬৮জনলৈ। ইফালে দেওবাৰৰ দিনটোত আৰোগ্য লাভ কৰিছে ৫৬৯০জন ৰোগীয়ে।