ৰাজ্যত এতিয়া বানৰ বিভীষিকা।

73

ৰাজ্যত এতিয়া বানৰ বিভীষিকা। চৌদিশে কেৱল পানী আৰু পানী। বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ফেনে-ফুটুকাৰে বাঢ়িছে নৈ-উপনৈ সমূহ। তেনে সময়তে  দিল্লীস্থিত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বিশেষ সতৰ্কবাণী। আগন্তুক তিনিদিনলৈ ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভৱনা। ইয়াৰ লগতে আজিৰ দিনটোত ৰাজ্যত ঠায়ে ঠায়ে বজ্ৰপাতৰো আশংকা কৰা হৈছে।

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ লগতে বিহাৰ, পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ডত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।