ৰাজ্যত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড সংক্ৰমণ। আনহাতে কোৰোনাৰ নতুন ভেৰিয়েন্ট অমিক্ৰনে সৃষ্টি কৰিছে আতংকৰ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ৰাজ্যত এতিয়ালৈকে ৯ জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে। যাৰ ভিতৰত তিনিজন ইতিমধ্যে আৰোগ্য হৈছে। গুৱাহাটী মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই এই বিষয়ে অৱগত কৰে।
ডাঃ শৰ্মাই জানিবলৈ দিয়া মতে আন ৬ জন ৰোগী চিকিৎসাধীন আৰু সকলো ৰোগী ডিব্ৰুগড় জিলাৰ।
ৰোগটোৰ পৰা আৰোগ্য হোৱা তিনিজন ৰোগী হৈছে আলতাফ হুছেইন, মামুদ হুছেইন আৰু ৰোহন হুছেইন।
তেওঁ লগতে কয় যে চান্দমাৰী, ৰাজগড় আৰু মালিগাঁওক কোভিড হটস্পট হিচাপে চিনাক্ত কৰা হৈছে কিয়নো এই অঞ্চলবোৰত কোভিডৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে।
