ৰাজ‍্যত অব্যাহত থকা গৰমৰ বাবে প্ৰাণ গ’ল এজনৰ

94

ৰাজ‍্যত অব‍্যাহত থকা গ্ৰীষ্মপ্ৰৱাহে প্ৰাণ ল’লে আৰু এজনৰ । ৰঙিয়াৰ বিছেন্নালা নিবাসী যোগেন কলিতা (৫৫)ৰ প্ৰাণ গ’ল গৰমত । জানিব পৰা অনুসৰি দিন হাজিৰা কৰা ব‍্যক্তিজনে আন দিনাৰ দৰে শুক্ৰবাৰে কামলৈ ওলাই গৈছিল । উৎকট গৰমত দিনটো কাম কৰি ঘৰলৈ ওভতি অহা ব‍্যক্তিজনে সন্ধিয়া পৰত গাটো বেয়া লাগিছে বুলি পৰিয়ালৰ লোকক জনায় । সন্ধিয়া প্ৰায় ছয় বজাত ব‍্যক্তিজন হঠাতে অচেতন হৈ ঢলি পৰে । পৰিয়ালৰ লোকে ততাতৈয়াকৈ এখন ব‍্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰে যদিও চিকিৎসকে ব‍্যক্তি গৰাকীক মৃত বুলি ঘোষণা কৰে । মৃত যোগেন কলিতাই ইহ সংসাৰত এগৰাকী পত্নী , দুগৰাকী কন‍্যা সন্তান আৰু এজন পুত্ৰক এৰি থৈ যায় ।