ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।উল্লেখযোগ্য যে ঢকুৱাখনাৰ বিভিন্ন গ্ৰাম্যাঞ্চলত ভয়াবহ ড্ৰাগছৰ এক নিষিদ্ধ বেহা মুকলি ভাবেই চলি আহিছে। মহকুমাটোৰ গ্ৰাম্যাঞ্চলৰ যুৱ প্ৰজন্মক এই নিষিদ্ধ নিচাৰ জালত পেলাই এক অশুভ চক্ৰই এক মাৰাত্মক বেহা চলাই আহিছে সুদীৰ্ঘ দিন ধৰি। তেনে এক চক্ৰই বৃহস্পতিবাৰে সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী কঠালগুৰি অঞ্চলত মাৰাত্মক ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত ৰাইজে ক্রেতা আৰু বিক্রেতা সহ ৩ জনক আটক কৰে কৰিবলৈ সক্ষম হয়।ৰাইজে জনোৱা অনুসৰি কেঁকুৰী কঠালগুৰি অঞ্চলৰ মেঘ নাথ দলেৰ পুত্ৰ গোবিন্দ দলে (৩২)য়ে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ২ নং থেকেৰাগুৰি গাঁওৰ বিপিন টাৱৰ পুত্ৰ কপিল টাৱ (২৪) , বকুলগুৰী গাঁওৰ শশী কান্ত দলেৰ পুত্ৰ বুধিন দলে (২৪)ক নিষিদ্ধ ড্ৰাগছ বিক্ৰীৰ বাবে মাতি আনি বিক্ৰীৰ চেষ্টা কৰিছিল।ঠিক সেই সময়তে স্থানীয় ৰাইজে উক্ত ড্ৰাগছ সৰৰাহকাৰী জনৰ লগতে ক্রেতা সকলক হাতে লোটে ধৰে। ৰাইজৰ হাতত ধৃত তিনি যুৱকক পাছত সোনাৰী চাপৰি আৰক্ষীক অৱগত কৰি চমজাই দিয়ে ।
