ৰাজ্যজুৰি ছবিঘৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ…

94

বিগত প্ৰায় দুটা বছৰ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ ছবিগৃহসমূহ। যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে ছবিগৃহৰ সৈতে জড়িত কৰ্মচাৰী, মালিক, কলা-কুশলী সকল। শেহতীয়াকৈ অসম চৰকাৰে প্ৰকাশ কৰা নতুন SOP ত বিভিন্ন ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা দেখা গলেও এতিয়াও ছবিগৃহসমূহ খোলাৰ অনুমতি দিয়া হোৱা নাই।

তেনে পৰিপ্ৰেক্ষিততে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে ছবিঘৰ কৰ্মচাৰী সন্থাই। ছবিগৃহসমূহ খুলি দিয়াৰ দাবীত ৰাজ্যৰ অন্যান্য ছবিগৃহ সমূহৰ লগতে মহানগৰীৰ অনুৰাধা ছবিগৃহৰ সন্মুখতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে কৰ্মচাৰীসকলে।

ঠিক একেদৰে তেজপুৰত আনোৱাৰ ছবিগৃহ, যোৰহাটত স্মৃতি গোপাল ছবিগৃহ, লখিমপুৰত বিশ্ব টকীজ ছবিগৃহ, শিৱসাগৰত ভাস্কৰজ্যোতি ছবিগৃহ, তিনিচুকীয়াত ৰংঘৰ ছবিগৃহ আৰু বঙাইগাঁও জলি মেক্স ছবিগৃহৰ চৌহদতো প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰী সন্থাই।