ৰাজ্যজুৰি ঈদ উল্ ফিট্ ৰ পালন

83

লকডাউনৰ বাবে ঘৰতে নামাজ পঢ়ি দেশৰ-দহৰ মংগলৰ বাবে দোৱা ললে ইছলাম ধৰ্মাৱলম্বী লোকসকলে

ষ্টাফ ৰিপোৰ্টাৰ : ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ উৎসৱ ঈদ উল্ ফিট্ ৰ সোমবাৰে বিশ্বজুৰি পালন কৰা হয়। সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যতো মাহে ৰমজানৰ অন্তত পালন কৰা হ’ল পৱিত্ৰ ঈদ উৎসৱ। এইবাৰ সমগ্ৰ বিশ্বজুৰি কৰ’না ভাইৰাছৰ বাবে হোৱা পৰিস্থিতি তথা দেশত চলি থকা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰে এইবাৰ ঘৰত থাকিয়ে পৱিত্ৰ ঈদৰ নামাজ আদায় কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। সেয়ে পৱিত্ৰ ঈদ উপলক্ষে এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত পূৰ্বৰ দৰে উছাহ উদ্দীপনা পৰিলক্ষিত নহ’ল। চৰকাৰে ধাৰ্য কৰি দিয়া বিধি অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখি ইছলাম ধৰ্মী লোকসকলে মাহজোৰা উপবাসৰ অন্তত নিজ নিজ ঘৰতে ঈদ উল্ ফিট্ ৰ পালন কৰে। লকডাউনৰ বাবে এইবাৰ অনুষ্ঠিত নহ’ল পবিত্র ঈদৰ সমূহীয়া নামাজ। উল্লেখ ৰমজান মাহৰ ৩০ টা ৰোজাৰ অন্তত পালন কৰা ত্যাগ,শান্তি -সম্প্ৰীতি, ভাতৃত্ববোধৰ পবিত্র উৎসৱ ঈদ উল্ ফিট্ ৰ জৰিয়তে দেশলৈ শান্তি সম্প্ৰীতি উভতি আহিবলৈ ইছলাম ধৰ্মী সকলে সোমবাৰে আল্লাহৰ ওচৰত দোৱা ললে। অৱশ্যে ইয়াৰ মাজতে লকডাউন উলংঘা কৰা খবৰো ঠাই বিশেষে পোৱা গৈছে। পৱিত্ৰ ঈদ উল্ ফিটৰ উপলক্ষে দেওবাৰে বজাৰত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছিল যদিও সামাজিক দূৰত্ব বজাই ৰাখিয়েই ইছলাম ধৰ্মাৱলম্বী লোক সকলে ঈদৰ প্ৰয়োজনীয় বজাৰ সমাৰ কৰে। তেওঁলোকে নিজ ঘৰতে সুস্বাদু পিঠা-পনা, নানাবিধ ব্যঞ্জন আদি প্ৰস্তুত কৰে যদিও এইবাৰ ঈদ উল্ ফিট্ ৰ উপলক্ষে আলহী অতিথিৰ সমাগম পূৰ্বৰ দৰে নহ’ল। কিন্তু ইয়াৰ মাজতে বিভিন্ন স্থানত তেওঁলোকে ফিটৰা, জাকাত আদি দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰে। পৱিত্ৰ ঈদ উল্ ফিট্ ৰ উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল অধ্যাপক ডঃ জগদীশ মুখীৰ লগতে বিভিন্ন দল সংগঠনে ইছলাম ধৰ্মাৱলম্বী লোক সকলক শুভেচ্ছা জনাইছে। এইবাৰ কৰ’না ভাইৰাছৰ বাবে চাৰিওফালে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ’ল ঈদ উল্ ফিট্ ৰ ।