গুৱাহাটী পৌৰ নিগমৰ ১০,৮০০ টকা জৰিমনা সংগ্ৰহ

87

কৰ’না মহামাৰীয়ে সমগ্ৰ দেশ তথা ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ পৰিচন্ন কৰি ৰখাত অধিক গুৰুত্ব আৰোপ কৰিছে। শেহতীয়াকৈ জাৰী কৰা এক নিৰ্দেশনা অনুসৰি নিগমে ৰাজহুৱা স্থান, পথ, পদপথ, পথ-বিভাজক আদিত থু-খেকাৰ, তামোল-পান, গুটখা আদি খাই পিক পেলোৱা আৰু ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা সকলৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। নিগমৰ পৰা প্ৰাপ্ত এক তথ্য অনুসৰি নিগমৰ “ফ্লায়িং স্কোৱাৰ্ডে” ১৯ এপ্ৰিলৰ পৰা মঙলবাৰ পৰ্যন্ত নিয়ম ভংগকাৰী লোকৰ পৰা ১০, ৮০০ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। উল্লেখ নিগমে নিয়ম ভংগকাৰী লোকৰ পৰা নিগমে ধার্য কৰা ১০০০ টকা জৰিমনা বিহে। উল্লেখ গোটা আৱৰ্জনা বিধি ২০১৬ তথা গুৱাহাটী পৌৰ নিগম আইন ১৯৭১ অনুসৰি ৰাজহুৱা স্থান, পথ, পদপথ, পথ-বিভাজক ইত্যাদিত থু-খেকাৰ, তামোল-পান, গুটখা ইত্যাদি খাই পিক পেলোৱাটো এক অপৰাধ।