ৰাজস্থানৰ দলবদ্ধ ধর্ষণক লৈ উদ্বেগ প্ৰকাশ বিজেপিৰ! ৪ জনীয়া মহিলা কমিটি গঠন

108

ৰাজস্থানৰ ভিলৱাৰা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ পিছৰে পৰা গেহলট চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মণিপুৰক লৈ মৌনতা অৱলম্বন কৰা বিজেপি। ৰাজ্যখনৰ বিৰোধী বিজেপিয়ে কংগ্ৰেছ শাসিত মৰুভূমিৰ ৰাজ্যখনক ‘ধৰ্ষণ-ৰাজধানী’ বুলি অভিহিত কৰা দেখা গৈছে। বিজেপিয়ে বিষয়টোৰ তদন্তৰ বাবে ৪ গৰাকী মহিলা সদস্যৰ এটা দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। দলটোৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশমৰ্মে শনিবাৰে দিল্লীৰ পৰা ৰাজস্থানলৈ যাত্ৰা আৰম্ভ কৰিছে প্ৰতিনিধি দলটো। সেই গোটত আছে বংগৰ সাংসদ লকেট চটাৰ্জী।

বিগত কিছুদিন ধৰি ভিলৱাৰাৰ ইটা ভেটাৰ পৰা এগৰাকী কিশোৰীৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ১৪ বছৰীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত প্ৰমাণৰ অভাৱত মৃতদেহটো জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। তিনিজন সন্দেহযুক্ত লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। শুকুৰবাৰে নাড্ডাই এই জঘন্য অপৰাধক তীব্ৰ গৰিহণা দিয়ে। ৰাজস্থানত মহিলাৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি তেওঁ ভীলৱাৰা কাণ্ডৰ তদন্তৰ বাবে এখন তদন্ত সমিতি প্ৰেৰণ কৰাৰ কথাও ঘোষণা কৰে। বিজেপিৰ সৰ্বভাৰতীয় উপ সভাপতি সৰোজ পাণ্ডে আৰু দুগৰাকী সাংসদ ৰেখা ভাৰ্মা, কান্ত কৰ্ডাম কমিটীত আছে। আজি দলটোৱে ৰাজস্থানত উপস্থিত হোৱাৰ কথা।

শুকুৰবাৰে বিজেপিৰ সাংসদ ৰঞ্জিতা কোলিয়ে ৰাজস্থানক ‘ধৰ্ষণৰ ৰাজধানী’ বুলি অভিহিত কৰা দেখা গৈছিল। তদন্ত সমিতিৰ ভীলৱাৰালৈ যোৱাৰ পৰিকল্পনাৰ পৰা এইবাৰ স্পষ্ট, গেৰুৱা শিবিৰে এই বিষয়ত নিৰ্বাচনমুখী কংগ্ৰেছ শাসিত ৰাজ্যখনক ঠেকত পেলাব বিচাৰিছে। প্ৰসংগক্ৰমে বিৰোধীয়ে বাৰে বাৰে অভিযোগ কৰা দেখা গৈছে যে অবিজেপি শাসিত ৰাজ্যত মহিলাৰ বিৰুদ্ধে যিকোনো অপৰাধত মোডী চৰকাৰ যিমানেই জড়িত, বিজেপি শাসিত ৰাজ্যত ছবিখন সম্পূৰ্ণ বেলেগ। উদাহৰণ স্বৰূপে মণিপুৰৰ নাম আহিছে। উত্তৰ-পূবৰ ৰাজ্যখন ৩ মাহতকৈ অধিক সময় ধৰি জ্বলি আছে। কিন্তু তাৰ বাবে নিশ্চুপ কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি। এনে অভিযোগ বিৰোধী গোটৰ।