ৰাজপথৰ যান-জঁটৰ বাবেই সংঘটিত হয় বিবাহ বিচ্ছেদ: প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পত্নীৰ অদ্ভুত যুক্তিয়ে লগাইছে তোলপাৰ

111

ৰাজপথৰ যান-জঁটৰ বাবেই সংঘটিত হয় বিবাহ বিচ্ছেদ। – এই অদ্ভুত যুক্তি প্ৰদৰ্শন কৰি এতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাডনাভিছৰ পত্নী অমৃতা ফাডনাভিছ।

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পত্নীৰ এনে মন্তব্যৰ পিছতে মহাৰাষ্ট্ৰৰ শাসকীয় দলেও তেওঁক কটাক্ষ কৰিছে। সামাজিক মাধ্যমত অমিতাৰ নামত মিম শ্বেয়াৰ কৰিছে নেটিজেনে।

দৰাচলতে শুকুৰবাৰে অমৃতা ফাডনাভিছে সংণ্ড মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয়, “মই এজন সাধাৰণ নাগৰিক হিচাপে এইকথা কৈছো। এবাৰ মই বাহিৰলৈ যোৱাৰ পিছত মই পথৰ গাঁত, যান-বাহনকে ধৰি বহুতো সমস্যা দেখিছোঁ। যান-বাহনৰ বাবে মানুহে তেওঁলোকৰ পৰিয়ালক সময় দিব নোৱাৰে আৰু মুম্বাইত ইয়াৰ ফলত ৩% বিবাহ বিচ্ছেদ ঘটিছে।”

বিবাহ বিচ্ছেদৰ এনে অদ্ভুত কাৰণ প্ৰদৰ্শন কৰা অমৃতা ফাডনাভিছক তেওঁৰ মন্তব্যৰ বাবে উভতি ধৰিছে মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাৰ মুখপাত্ৰ প্ৰিয়ংকা চতুৰ্বেদীয়ে। তেওঁ অমৃতা ফাডনাভিছৰ যুক্তি ‘ইল-ল’জিক’ আখ্যা দিয়ে।

টুইটত প্ৰিয়ংকা চতুৰ্বেদীয়ে লিখিছে, “দিনটোৰ সৰ্বশ্ৰেষ্ঠ বেয়া যুক্তি এগৰাকী মহিলাক প্ৰদান কৰা হয় যিয়ে দাবী কৰে যে মুম্বাইৰ ৩% লোকে ৰাস্তাত যান-বাহনৰ বাবে বিবাহ বিচ্ছেদ কৰিছে। অনুগ্ৰহ কৰি মনত ব্ৰেক লগোৱাতকৈ ছুটি লোৱা ভাল।” প্ৰিয়ংকাই লগতে লিখিছে, “বেংগালুৰুত বাস কৰা পৰিয়ালবোৰে এই মন্তব্য নপঢ়িব। ই আপোনাৰ বিবাহৰ বাবে মাৰাত্মক প্ৰমাণিত হ’ব পাৰে।”

সামাজিক মাধ্যমতো বিভিন্ন জনে এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পত্নীক তেওঁ কৰা মন্তব্যৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে।