ৰাজনীতিৰ পথাৰলৈ বৰষায়ো মেলিব নেকি মন…

122

ৰাজনীতিত ভৰি নথয় অভিনেত্ৰী বৰষাই! কিন্তু কি ঠিক, সময়ে হয়তো সলনি কৰিব পাৰে বৰষাৰ মনো। যিদৰে টিভিৰ অনুষ্ঠানত সীমান্ত শেখৰে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ গীত গোৱাটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল বুলি মন্তব্য কৰিছিল। ‘কা’ আন্দোলনৰ সময়ত শাসকীয় দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি এই আইনৰ বিৰোধিতা কৰিছিল। অথচ আজি সীমান্ত শেখৰ বিজেপিৰ নেতা হ’ল! শিল্পীৰ মন! হয়তো এনেদৰেই অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰো মন সলনি হ’ব পাৰে!

অৱশ্যে বৰষাই এই মুহূৰ্তত অসমৰ বজাৰ আৰু পথাৰ দখলত অধিক জোৰ দিছে। অসমীয়াৰ ভাষা-সংস্কৃতি আৰু অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বজাৰ আৰু পথাৰ দখল কৰিবই লাগিব। বৰষাই ধৰ্ম-আঁঠুৱা আৰু কম্বলৰ নামত চলা ৰাজনীতিৰ পোষকতা নকৰে। সেয়ে অভিনেত্ৰীগৰাকীয়ে ৰাজনীতিৰ সৈতে জড়িত নহৈ শিল্পী হিচাপেই অসমৰ ৰাইজৰ হৈ কাম কৰিব বিচাৰে।

কিন্তু আঞ্চলিক শক্তিৰ প্ৰতিও অভিনেত্ৰী বৰষাৰাণী বিষয়াই আস্থা দেখুৱায়। অসমত ইতিমধ্যেই এটা নতুন আঞ্চলিক দলৰ গঠন হৈছে আছু আৰু এজেৱাইচিপিৰ নেতৃত্বত। এই নতুন আঞ্চলিক দলটোৰ নাম দিয়া হৈছে অসম জাতীয় পৰিষদ। নতুন দলটোৰ নামক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। তাৰ মাজতে অভিনেত্ৰীগৰাকীয়ে ৰাজ্যৰ এক সুন্দৰ ভৱিষ্যতৰ বাবে আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তা সম্পৰ্কে মত প্ৰকাশ কৰিছে। পৰোক্ষ ভাৱে তেওঁ অসম জাতীয় পৰিষদক সমৰ্থন আগবঢ়াইছে।

কিন্তু কথা হ’ল- বৰষা ৰাণী বিষয়াই কোৱা মতেই নিজৰ স্থিতিত অটল থাকিবলৈ সক্ষম হ’বনে? কিয়নো বিগত কিছু দিনত অসমীয়া মানুহে ‘শিল্পী’ৰ ওপৰত যেন আস্থা হেৰুৱাই পেলাইছে। ‘কা’ আন্দোলন কৰি ৰাজনীতিৰ পথাৰত পথ প্ৰশস্ত কৰা বহু শিল্পী, কলা-কুশলীয়ে এতিয়া অসমীয়াৰ অস্তিত্ব হানি কৰিবপৰা নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰিছে। এনে পৰিস্থিতিত অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ কথাৰ ওপৰতো বা অসমীয়াই ভৰষা কৰিব কিয়!