ৰাজগড় বিহুতলীত পাছলিৰ দোকানত অভাবনীয় ভীৰঃ

71


নাই সামাজিক দুৰত্ব ,নাই একাংশৰ মুখত মাস্ক

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটী মহানগৰীৰ ৰাজগড় বিহুতলীত বুধবাৰে পাচলি
ব্যৱসায়ৰ দোকানত যঠেষ্ট ভীৰ দেখা পৰিলক্ষিত হয় ৷ বিগত কিছুদিনৰ বাবে মহানগৰবাসীয়ে লকডাউনৰ বাবে পাচলি ক্ৰয় কৰিব পৰা নাছিল ৷ বুধবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ বিভিন্ন অঞ্চলত পাচলি যোগানৰ অনুমতি প্ৰদান কৰে ৷ সেই মৰ্মেই ৰাজগড় বিহুতলীত এখন ডিআই ভানেৰে পাচলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰে ৷তেনে সময়ত এচাম গ্ৰাহকে হেতাওপৰা দি সামগ্ৰী কিনিবলৈ আহে ৷ অতি আচৰ্য্যজনক কথা যে কৰ’না মহামাৰী ভাইৰাছৰ বাবেই ৰাজ্যৰ স্বাস্থ্য বিভাগে সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ লগতে প্ৰতিগৰাকী ব্যক্তিক মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনাই আহিছে ৷তেনেস্থলত এচাম মহানগৰ বাসী ৰাইজে চৰকাৰী নীতিনিয়ম সম্পূৰ্ণ জ্বলাঞ্জলি দি সামগ্ৰী ক্ৰয় কৰাত ব্যস্ত ৷ পাচলি ক্ৰয় কৰাৰ ক্ষেত্ৰত গাতে গা লগাই হেতাওপৰা দি পৰিছে ৷ এনেকুৱা লাগে যেন এইসকল লোকে পাচলি কোনো দিনে খায়ে পোৱা নাই ৷ইয়াৰ মাজতে দুই এগৰাকী গ্ৰাহকৰ মাজত কাজিয়া ৰ সৃষ্টি হয় , কোনে আগতে ক্ৰয় কৰিব পাৰে সেই সম্পৰ্কত ৷৷ইপিনে ব্যৱসায়ী সকলে মুখত মাস্ক পৰিধান নকৰাকৈ সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উথ্থাপন হৈছে ৷ ইয়াৰ বাবেই সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে স্থানীয় আৰক্ষী থানা চানমৰিৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক অবগত কৰে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে ব্যৱসায়ী সকলে অধিক চৰা
দামত সামগ্ৰী বিক্ৰী কৰা বুলি একাংশ গ্ৰাহকে জানিবলৈ দিয়ে ৷ জানিব পৰা মতে বেঙেনা প্ৰতি কেজিঃ ৫০ টকা, তিতা কেৰেলা ৫০ টকা, স্কো্ৱাচ ৬০ টকা, ভোল ৪০ টকা, বন্ধাকবি ৩০ টকা, মুলা ৫০ টকা, ৰঙালউ ৫০ টকা, টিয়হ ৬০ টকাত বিক্ৰী হয় ৷