ৰাখী সাৱন্তৰ স্বামী আদিল ডুৰানীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ

3334

অভিনেত্ৰী ৰাখী সাৱন্তৰ অভিযোগৰ পিছতে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁৰ স্বামী আদিল ডুৰানীক।

ৰাখীয়ে স্বামীৰ বিৰুদ্ধে তেওঁক আক্ৰমণ কৰি তেওঁলোকৰ ফ্লেটৰ পৰা ধন আৰু গহনা কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰাৰ পিছতে মঙলবাৰে অশিৱাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডুৰানীক।

অভিনেত্ৰীগৰাকীয়ে সোমবাৰে নিশা আৰক্ষীক দিয়া ভাষ্যৰ উদ্ধৃতি দি এগৰাকী বিষয়াই কয় যে ২০২২ চনৰ জানুৱাৰী মাহত ৰাখী (৪১) ডুৰানী (৩০)ৰ সংস্পৰ্শলৈ আহিছিল আৰু ইয়াৰ পিছতে দুয়োজনে যৌথ ব্যৱসায়িক একাউণ্ট খুলিছিল।

অভিযোগ অনুসৰি ডুৰানীয়ে জুন মাহত সেই একাউণ্টৰ পৰা ১.৫ কোটি টকাতকৈ অধিক ধন উলিয়াই গাড়ী কিনিছিল যদিও ডুৰানীয়ে তেওঁক বিয়া কৰাম বুলি কোৱাৰ বাবে সাৱন্তে এই কথাত কোনো আপত্তি দৰ্শোৱা নাছিল।

কিন্তু পিছত আদিলে সাৱন্তক দুবাৰকৈ আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

আৰক্ষী বিষয়াজনে কয় যে সাৱন্তৰ মতে আদিলে তেওঁক মুখত এচিড নিক্ষেপ কৰিব বা পথ দুৰ্ঘটনাত মৃত্যু ঘটাব বুলি ভাবুকি দিছিল। জোৰ কৰি ‘নামাজ’ পঢ়িব কয় বুলিও অভিযোগ উত্থাপন কৰে সাৱন্তে।

বিষয়াগৰাকীয়ে কয় যে দেওবাৰে নিশা সাৱন্তে জানিব পাৰে যে তেওঁৰ আলমাৰীৰ পৰা নগদ ৫ লাখ টকা আৰু মাকৰ ২.৫ লাখ টকাৰ গহনা নোহোৱা হৈছে। ইয়াৰ পিছত আন্ধেৰীস্থিত তেওঁৰ বিল্ডিঙৰ চকীদাৰৰ পৰা গম পালে যে তেওঁৰ অনুপস্থিতিত দুৰ্ৰানী ফ্লেটলৈ আহিছিল।

ইয়াৰ পিছতে সোমবাৰে নিশা সাৱন্তে অশিৱাৰা থানাত এজাহাৰ দাখিল কৰাত দুৰ্ৰানীৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে।