ৰাইজ গণতান্ত্ৰিকভাৱে ৰাজপথলৈ ওলাই আহিলে কলিজা কঁপিব বিজেপিৰঃ অখিল গগৈ

286

‘কা’ আন্দোলনৰ দৰে অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিলে কলিজা কঁপিব বিজেপিৰ।

এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈৰ।

অখিল গগৈয়ে কয়, ‘কা’ আন্দোলনৰ সময়ত যিদৰে অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছিল, ঠিক তেনেদৰে ৰাইজ ওলাই আহিলে বিজেপিৰ কলিজা কঁপিব।

লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণো হ’ব।

অৱশ্যে ‘কা’ আন্দোলনৰ সময়ত সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰিৱৰ্তে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে।

অন্যহাতে একাংশ জনগোষ্ঠীয় সংগঠনৰ নেতাই বিজেপিৰ সৈতে মিতিৰালি কৰা বুলিও অভিযোগ কৰে অখিল গগৈয়ে।

তেনে নেতাৰ চলনাত ভৰি নিদিবলৈ সকলোকে আহ্বান জনায় শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।