ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ

314

নিউজ ডেস্ক: মহানগৰীৰ মাজমজিয়াত সংঘটিত হত্যাকাণ্ডৰ হত্যাকাৰীৰ খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ।

ব্যৱসায়ী ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ খবৰ দিয়াজনে লাভ কৰিব ২ লাখ টকাৰ পুৰস্কাৰ।

টুইটাৰযোগে এই কথা জনালে অসম আৰক্ষীয়ে।

এতিয়াও আৰক্ষীয়ে সন্ধান লাভ কৰা নাই ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ।

যাৰ বাবে এইবাৰ হত্যাকাৰীৰ খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে।

6026901247 হোৱাটছএপ নম্বৰযোগে দিব পাৰিব খবৰ।

খবৰ দিওঁতাৰ পৰিচয় গোপনে ৰাখিব আৰক্ষীয়ে।

উল্লেখ্য যে, যোৱা ২১ নৱেম্বৰত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড।

বেংকলৈ যোৱাৰ সময়তে বাইকত অহা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক।