ৰঙিয়া আৰক্ষীৰ বৃহৎ অভিযান

275

ৰঙিয়া আৰক্ষীৰ বৃহৎ অভিযান।

ৰঙিয়া আৰক্ষীয়ে এক গোপন খবৰৰ তথ্য অনুসৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বহি:ৰাজ্যৰ গাঞ্জা কঢ়িয়াই নিয়া ট্ৰাক আবদ্ধ কৰাৰ লগতে গাঞ্জা সহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

NL- 01-N 9627 নম্বৰৰ ট্ৰাকখনে অসমৰ মাজেৰে বিহি:ৰাজ্যলৈ গাঞ্জা সমুহ লৈ গৈ আছিল । ট্ৰাকখনৰ কেবিনট এনেদৰে গাঞ্জা সমুহ নিথকাৰ খবৰ ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে লাভ কৰাত নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপতত উক্ত নিদিষ্ট ট্ৰাকখনত তালাচী চলাই ।

আৰক্ষীৰ দলে তালাচীৰ সময়ত ট্ৰাকখনৰ কেবিনৰ ভিতৰৰ পৰা ১২ পেকেট গাঞ্জা উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ মুল্য জানিব পৰা হোৱা নাই যদিও ইয়াৰ ওজন ১২০ কেজি ।

ইফালে আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু সহায়ক উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাৰ নাগলা ইঞ্চি গাওঁৰ ধৰমবীৰ সিং আৰু কিষাণ পালক আটক কৰিবলৈ সক্ষম হৈছে ।