ৰঙিয়াত এমাহ ধৰি সন্ধান নাই মাতৃ-কন্যাৰ

98

যোৱা প্ৰায় এমাহ ধৰি ৰঙিয়াৰ উদিয়ানাৰ এহাল মাতৃ-কন্যা সন্ধানহীন হৈ থকাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, যোৱা ২৫ জুনত তিনি বছৰীয়া কন্যা চেহনাজ বেগমক লগত লৈ ঘৰৰ পৰা ফুৰিবলৈ ওলাই গৈছিল মাতৃ ছুফিয়া বেগমে। কিন্তু তাৰ পিছত মাতৃ-কন্যা ঘৰলৈ উভতি নহাত পৰিয়ালত হুলস্থূল লাগে।

স্বামী আকবল আলীয়ে পত্নী আৰু কন্যাৰ সন্ধানত চৌদিশে বিচাৰ খোচাৰ কৰিও আজিলৈকে কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে ছুফিয়া বেগম আৰু কন্যা চেহনাজৰ নিৰুদ্দেশ সন্দৰ্ভত আকবৰ আলীয়ে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও সম্ভেদ লাভ কৰা নাই দুয়োৰে। দুয়ো মাতৃ-কন্যা কোনো মানৱ সৰবৰাহকাৰীৰ হাতত লগা বুলি আশংকা ব্যক্ত কৰিছে পৰিয়ালৰ লোকে।