ৰঙিয়াত ভয়ংকৰ ঘটনা

106

ৰঙিয়াত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। হাতত পিষ্টল লৈ সন্ত্ৰাস চলালে এজন লোকে। জ্যোতিপ্ৰকাশ শৰ্মাৰ নামৰ লোকজনৰ গুলিত আঘাপ্ৰাপ্ত হৈছে এজন লোক। অনুজ্ঞাপত্ৰ থকা পিষ্টলটোৰে সন্ত্ৰাস সৃষ্টি কৰিছিল জ্যোতিপ্ৰকাশ শৰ্মাই। ঘটনাক লৈ ৰঙিয়াৰ দিপ্তীনগৰত সৃষ্টি হয় এক আতংকময় পৰিৱেশ। বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। গুলীচালনাৰ ঘটনাৰ লগে লগে হুৱাদুৱা লাগে অঞ্চলটোত। মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে জব্দ কৰে জ্যোতিপ্ৰকাশ শৰ্মাৰ মাৰাণাস্ত্ৰ। আহত লোকজনৰ নাম মৃদুল বণিয়া বুলি জানিব পৰা গৈছে।ইতিমধ্যে আঘাতপ্ৰাপ্ত মৃদুলক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।