ৰঙিয়াত উত্তাল প্ৰতিবাদ

113

ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিত ভৱেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰঙিয়া । অৰ্ধ সপ্তাহিক বজাৰৰ মৰণফান্দৰূপী কাঠৰ দলং আৰু বজাৰৰ আন্তঃগাঠনি নিৰ্মাণৰ দাবীত ৰঙিয়াৰ কেইবাটাও দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ । বহু আন্দোলন, প্ৰতিবাদ কৰাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ ফলত যমৰ যাতনা ভূগিছে জনসাধাৰণে । ৰঙিয়া নগৰৰ মাজমজিয়াত অৱস্থিত এই জৰাজীৰ্ণ দলঙখন । অতি গুৰুত্বপূৰ্ণ এই দলংখনে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক । দীৰ্ঘদিন ধৰি অতি
বিপদ সংকুল ভাৱে অহা যোৱা কৰি আহিছে ৰাইজে । ৰঙিয়াৰ অৰ্ধ সাপ্তাহিক বজাৰলৈ যোৱা এই দলং খনত এতিয়া যিকোনো মূহুৰ্তত সংঘটিত হব পাৰে ভয়ংকৰ দুৰ্ঘটনা । কিন্তু তালৈ যেন বাট চাইছে এতিয়া বিভাগীয় কৰ্তৃপক্ষই । বাৰাম্বাৰ আবেদন কৰাৰ পাচতো গা লৰা নাই ৰঙিয়া পৌৰসভা‌ অথবা লোক নিৰ্মাণ বিভাগৰ । এই ক্ষেত্ৰত স্থানীয় বিধায়ক ভৱেশ কলিতাই ও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে । যাৰ বাবে আজি বজাৰ ব্যৱসায়ী সন্থা আৰু ৰঙিয়া নাগৰিক মঞ্চৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ব্যৱসায়ী সকল । অতি সোনকালেই যদি দলং খন যাতায়তৰ উপযোগী কৰি নিদিয়ে তেন্তে পৌৰসভাক কোনো ধৰণৰ কৰ পৰিশোধ নকৰাৰ হুংকাৰ ।