বাৰিষাৰ বানৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। ৰংজুলিত নিশা জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলোৱাৰ লগতে ভাগি থৈ যায় কেইবাটাও বাসগৃহ।
ধনুভাঙাৰ জলাপাৰা গাঁৱত নিশা প্ৰচণ্ড বৰষুণৰ মাজতে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা দুটা বনৰীয়া হাতীয়ে সুৰেন্দ্ৰ দাস নামৰ এজন ব্যক্তিৰ ঘৰ ভাঙি পেলোৱাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে। আনহাতে, বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি দৌৰি নিজৰ প্ৰাণ ৰক্ষা কৰে পৰিয়ালৰ লোকসকলে৷
ৰংজুলি বনাঞ্চলিক এলেকাৰ বিভিন্ন অঞ্চলত কেইবা দশক ধৰি চলি অহা বন্যহস্তীৰ সন্ত্ৰাস যেন দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে৷ বনাঞ্চল এৰি জনাঞ্চলত এতিয়া নিশা হ’লেই খাদ্যৰ সন্ধানত প্ৰৱেশ কৰে বন্যহস্তীয়ে৷
