৯৪ বছৰীয়া হল এলকে আদৱানী; বাসগৃহত উপস্থিত হৈ ওলগ জনালে প্ৰধানমন্ত্ৰীয়ে

85

আজি বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাম মন্দিৰ ৰথ যাত্ৰাৰ প্ৰতিষ্ঠাপক এল কে আদৱানীৰ ৯৪ বছৰীয়া জন্মদিন। আদৱানীৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। তাৰ পিছত তেওঁ আদৱানীৰ বাসগৃহত উপস্থিত হয়। ইফালে আদৱানীৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীক সংগ দিয়ে উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও।

পুৱাই বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক জন্মদিনৰ ওলগ যাঁচি প্ৰধানমন্ত্ৰী মোডীয়ে টুইটত লিখে- “আদৱানীজীক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। মই তেওঁৰ দীঘলীয়া আৰু স্বাস্থ্যৱান জীৱনৰ শুভেচ্ছা জনাইছো। জনসাধাৰণক শক্তিশালী কৰা আৰু আমাৰ সাংস্কৃতিক গৌৰৱ বৃদ্ধিৰ দিশত তেওঁৰ প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰ তেওঁৰ ওচৰত ঋণী হৈ ৰব। ‘

স্মৰ্তব্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতি বছৰে আদৱানীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাই আহিছে। যোৱা বছৰো প্ৰধানমন্ত্ৰী মোডীয়ে আদৱানীৰ ঘৰত উপস্থিত হৈ তেওঁক অভিনন্দন জনাইছিল আৰু কেক কাটি জন্মদিন উদযাপন কৰিছিল। প্ৰধানমন্ত্ৰী মোডীয়ে সেই সময়ছোৱাত আদৱানীৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লোৱাও পৰিলক্ষিত হৈছিল। তেওঁৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও আছিল।

ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জেপি নাড্ডা, যোগী আদিত্যনাথ আদি নেতা-মন্ত্ৰী সকলেও পুৱাই টুইটযোগে এল কে আদৱানীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনায়।