৯৩ সংখ্যক অস্কাৰ বঁটা ঘোষণা, কোন কোন জিলিকিল এইবাৰ

102
Mandatory Credit: Photo by Andrew H Walker/Shutterstock (8434891ne) Barry Jenkins after 'Moonlight' is named as 'Best Picture' winner 89th Annual Academy Awards, Backstage, Los Angeles, USA - 26 Feb 2017

অস্কাৰ। প্ৰতিগৰাকী অভিনেতা, প্ৰযোজক, পৰিচালকৰ সপোন এই অস্কাৰ। ছবিজগতৰ সৰ্বোচ্ছ সন্মান অস্কাৰ লাভৰ দুৰ্বাৰ আকাংক্ষা ছবিজগতৰ লগত জড়িত প্ৰতিজনৰে থাকে। কিন্তু অস্কাৰ লাভ কৰে তেঁৱেই, যিয়ে অভিনয়তো জীৱন সঁপি দিব পাৰে।

বিশ্বৰ সৰ্ববৃহৎ চলচ্ছিত্ৰ সন্মান অস্কাৰ ঘোষণা কৰা হৈছে। ৯৩ সংখ্যক অস্কাৰ বঁটাত এইবাৰ জিলিকিছে কেইবাখনো ছবি। এইবাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে হলীউডৰ ছবি নোমাডলেণ্ডে। দ্য ফাদাৰ ছবিত কৰা অভিনয়ৰ বাবে এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে এন্থনী হপকিনছে। ৮৪ বৰ্ষীয় হপকিনছ অস্কাৰ বিজয়ী আটাইতকৈ বৰ্ষীয়ান অভিনেতা।

নোমাডলেণ্ড ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ খিতাপ অৰ্জন কৰিছে ফ্ৰান্সেছ মেকডোৰমাণ্ডে। শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ লাভ কৰিছে নোমাডলেণ্ডৰ পৰিচালক ক্ল’ই ঝাওৱে।

৯৩সংখ্যক অস্কাৰ বঁটাত বেষ্ট চাপ’ৰ্টিং এক্টকৰ খিতাপ লাভ কৰিছে ডেনিয়েল কালুয়াই। ৩২ বৰ্ষীয় ব্ৰিটিছ অভিনেতাগৰাকীয়ে জুডাছ এণ্ড দ্য ব্লেছ মেছিয়াহত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে লাভ কৰিছে এই সন্মান।

ইফালে এইবাৰ অস্কাৰত জিলিকিছে দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী য়ুহ জুং ইয়ুন। ৭৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে মিনাৰী ছবিত কৰা অভিনয়ৰ বাবে লাভ কৰিছে ৯৩ সংখ্যক অস্কাৰৰ বেষ্ট চাপৰ্টিং এক্ট্ৰেছৰ সন্মান।

৯৩ সংখ্যক অস্কাৰৰ শ্ৰেষ্ট বাস্তৱিক চিত্ৰনাট্যৰ সন্মান লাভ কৰিছে এমেৰাল্ড ফেন্নেল পৰিচালিত নেডাৰলেণ্ডৰ ছবি প্ৰমিজিং ইয়ং ওমেনে। বেষ্ট এনিমেটেড ছৰ্ট ফিল্মৰ খিতাপ প্ৰদান কৰা হৈছে ইফ এনিথিং হেপেনছ আই লভ ইউক। বেষ্ট এনিমেটেড ফিচাৰ ফিল্মৰ খিতাপ লাভ কৰিছে চ’ল নামৰ ছবিখনে। বেষ্ট ডকুমেণ্টৰী ফিচাৰৰ খিতাপ লাভ কৰিছে মাই অক্ট’পাছ টিছাৰ নামৰ তথ্যচিত্ৰখনে। শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ খিতাপ অৰ্জন কৰিছে মংক ছবিখনৰ বাবে এৰিক মেছাৰ্ছমিডটে। শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে আনাডাৰ ৰাউণ্ড নামৰ ছবিখনে।

উল্লেখ্য যে, সমগ্ৰ বিশ্বজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰা কোভিড পৰিস্থিতিৰ বাবে এইবাৰ দুমাহ পলমকৈ অনুষ্ঠিত কৰা হৈছে অস্কাৰ প্ৰদানৰ অনুষ্ঠান। ভাৰ্ছুৱেলী অনুষ্ঠিত হোৱা ছবিজগতৰ সৰ্ববৃহৎ সন্মান অস্কাৰত এইবাৰ ৩ টাতকৈ অধিক বঁটা লাভ নকৰিলে কোনো এখন ছবিয়েই। ২০২০ আৰু ২১, এই দুটা বৰ্ষৰ বাবে এইবাৰ একেলগে প্ৰদান কৰা হৈছে অস্কাৰ বঁটা।