৭৮ বছৰীয়া হল বিগ বি…

91

ডিজিটেল ডেস্কঃ বলীউডৰ চুপাৰষ্টাৰ বিগ বি অমিতাভ বচ্চনৰ আজি ওপজা দিন। আজি ৭৮ বছৰত ভৰি দিয়া চুপাৰষ্টাৰগৰাকীৰ জন্ম দিনৰ শুভকামনা জ্ঞাপন কৰিছে তেওঁৰ অসংখ্য অনুৰাগীয়ে। বিগ বিক জন্ম দিনৰ ওলগ যাঁচিছে ক্ৰীড়া, ৰাজনীতি, ছবিজগৰ সৈতে জড়িত বিভিন্ন জনেও।

১৯৪২ চনৰ ১১ অক্টোবৰত জন্মগ্ৰহণ কৰা অমিতাভ বচ্চনে সদায় দৰ্শকৰ মনত এখন সুকীয়া আসন লাভ কৰি আহিছে। বৰ্তমান টিভিৰ জনপ্ৰিয় ‘কৌন বনেগা কোৰৰপতি’ সঞ্চালনা কৰি থকা অমিতাভ বচ্চনে তেওঁৰ অভিনয় জীৱনত ১৭৫ খনতকৈও অধিক বলীউডৰ ছবিত অভিনয় কৰিছে। হলীউডৰ ছবিতো অভিনয় কৰিছে বচ্চনে।