৬ মাৰ্চত অনুষ্ঠিত হব ৰাজ্যৰ পৌৰসভা নিৰ্বাচন

96

অৱশেষত ঘোষণা হ’ল ৰাজ্যৰ ৮০খন পৌৰসভা নিৰ্বাচনৰ দিন। ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে এই কথা। ৬ মাৰ্চত হ’ব পৌৰসভাৰ নিৰ্বাচন আৰু ৯ মাৰ্চত হ’ব নিৰ্বাচনৰ ভোট গণনা।

অন্যহাতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৫ ফেব্রুৱাৰী আৰু মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ২০ ফেব্রুৱাৰী। নিৰ্বাচনৰ প্ৰাৰ্থী সকলৰ বাবে বিভিন্ন ধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে আয়োগে।

সেই অনুসৰি, নিৰ্বাচনী প্রচাৰত ৰ’ড শ্ব’ আৰু ৰেলী নিষিদ্ধ কৰিছে আয়োগে। ঘৰে-ঘৰে গৈ নিৰ্বাচনী প্রচাৰ চলাব পাৰিব প্ৰাৰ্থীয়ে। কেৱল ১৫জন ব্যক্তিহে যাব পাৰিব নিৰ্বাচনী প্রচাৰত।

সংবাদমেলত এই কথা সদৰি কৰিছে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে। অন্যহাতে আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছে।

পৌৰসভা নিৰ্বাচনত M2 EVM ব্যৱহাৰ হ’ব। অন্যহাতে শিলচৰ নহয় পৌৰনিগমৰ নিৰ্বাচন। উল্লেখ্য যে, ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে পৌৰসভা নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব M2 EVM।